মনত পৰিছিল, মনত পৰিছিল অাজি
আমাৰ মহাবিদ্যালয়খনৰ সন্মুখত
প্ৰায়ে দেখা আইতাজনীলৈ।
সদায়ে কলেজীয়া ছাত্ৰ, দোকানবোৰৰ পৰা
এটকা-দুটকা সংগ্ৰহ কৰি
দুবেলাত এমুঠি আহাৰ গ্ৰহণ কৰা
বুঢ়ী আইতাজনীলৈ।
কি হ'ব তেওঁৰ,
তেওঁৰ নিচিনা আন বিলাকৰ,
বাচি থাকিব জানো তেওঁলোক।
কলৈ যাব তেওঁলোক,
কোনে দিব তেওঁলোকক এমুঠি আহাৰ,
পাৰিব জানো তেওঁলোকে কৰিবলৈ যুদ্ধ
এই হিংসাৰে জৰ্জৰিত এই পৃথিৱীৰ সৈতে?
©সীমান্ত ৰায়
©simanta
S