E

আহিবা তুমি সপোনত

আহিবা শীতৰ নিশা তুমি মোৰ চোতালৰ
নিয়ৰে সেমেকা দূৱৰি গচকি,
মোৰ উৰুখা পজাটিলৈ।
নিদ্ৰামগ্ন সময়ত ,
মোৰ সপোনৰ কাৰেং ঘৰত।
ৰচিম সপোন আমাৰ যুগ্ম জীৱনৰ
দুয়োৰে প্ৰেমৰ মিলনৰ,
জোনটি হৈ ৰ'ব মোৰ সপোনত
দুয়োৰে মিলনৰ সাক্ষী।
যেতিয়া বেলিটিয়ে মাৰিব ভূমূকি,
সকলো হৈ ৰ'ব কেৱল কাহিনী।
তথাপি পুৱা লাভ কৰিম এক প্ৰশান্তি,
ক'ম তোমাক এই নিশাৰ কাহিনী।
- ঈশান বৰা
©emonbora