A

আজি নিশা

মাজ নিশাৰ সৰা পাতৰ শব্দত
আজি সপোন নাভাঙো।
সপোনবোৰ....
শুকান পাতৰ দলিচাৰ সুবাসত
কোনোবা দিশলৈ উৰি গুছি যাই।
সপোনৰ পথাৰত আজি নাভাগৰো,
তোমাক , কাষত বিচাৰি চাম।
ৰাতিবোৰ, গহীন হৈ যাব নিদিওঁ
আজি তোমাক
জোনাকীৰ পোহৰত ওমলাম ।
মনৰ চোতালত আজি
গোলাপ-ৰজনীগন্ধা ফুলাম ।
তুমি, আদৰি ল'বা ।
আজি নিশা সপোনত ,
তোমাৰ বিষাদবোৰ নিয়ৰৰ টোপালেৰে
শেৱালিৰ কলিত সানি দিম।
বিষাদবোৰ,শেৱালিৰ সুবাস হৈ ৰ'ব।
©atulgogoi