A

আপোনাৰ?

অতুল চন্দ্ৰ গগৈ 🖊
হত্যা, হিংসা, হতাশা!
ধৰ্ষণ, লুণ্ঠন, চুৰ-দকাইত, দালাল ,
মাফিয়া, গুন্দাৰাজ, ঘোঁচ,
চিন্ডিকেটৰাজ,
বানপানী, খৰাং,
বিষাক্ত চুলাই মদ, অবৈধ তেলচুৰ, কইলা চুৰ,
চোৰাং কাঠৰ চুৰ, অবৈধ পাহাৰৰ মাটি খনন,
অবৈধ বাংলাদেশী!
শিক্ষিত নিবনুৱা , জনসংখ্যা বৃদ্ধি,
সীমা সমস্যা!
বাট-পথৰ জৰাজীৰ্ণ,
কৃষকৰ হাহাকাৰ কিয় সংবাদ মাধ্যমৰ শিৰোনাম?
এই শব্দই দেখোন
মোৰ ওৰে নিশা টোপনি কাঢ়ে ।
আপোনাৰ?
©atulgogoi