A

আপুনি নীৰৱে কিমান গভীৰতালৈ মোক উপলব্ধি কৰিব পাৰিব?

বুকু মাজত ডাৱৰে আৱৰা নীল আকাশ
দুচকুৰ কোনোবা চুকত থমকি ৰয়
বিষাদৰ বৰষুণজাক
আজি মই মৌন হৈ থাকিলেই
আপুনি নীৰৱে কিমান গভীৰতালৈ মোক
উপলব্ধি কৰিব পাৰিব?
অপযশৰ তাপে কলিজাখন আজি
নিঃশেষ নিশ্তব্ধ মোৰ !
শেৱালীৰ দৰে গুন্ধাইছে বুকুত
বদনামী ঘ্ৰানে,
আজি মই মৌন হৈ থাকিলেই
আপুনি নীৰৱে কিমান গভীৰতালৈ মোক
উপলব্ধি কৰিব পাৰিব?
দুঃখবোৰ সামৰি থৈ দিছিলোহি মাত্ৰ
মোৰ পুৰণি আলমাৰিটোত,
কিন্তু এটা সপোনৰ বাট শেষ নহওঁতেই
বাধাশিক্ত ধ্বংসস্তুপে খুন্দিয়াই
সকলো যেন চূৰ্ণ-বিচূৰ্ণ কৰিলে।
বৰদৈচিলা ৰূপে কঢ়িয়াই আনিলে বাৰ্তা
জীৱন ব্যৰ্থতাৰ দিশে!
আজি মই মৌন
কিন্তু..…..
কিমান গভীৰতালৈ আপুনি মোক উপলব্ধ
কৰিব পাৰিলে?
প্ৰতি খোজ,প্ৰতিপল নষ্টালজিক উশৃংখল
আজি অকলৰীয়া মই!
পোহৰ বিচাৰিলেও এন্ধাৰে আৱৰাই যাক
নিৰ্লজ্জ মিথ্যাচাৰি ,
চিন্তাশৈলিৰ দৈন্যতাত অসংযত;
বদনামী ৰাগীত মাতাল,
সভ্য সমাজৰ অসভ্য অমানুহ;
অভিশাপ পূৰ্ণতাৰে যেন মই।
আজি মই মৌন হৈ থাকিলেই
আপুনি নীৰৱে কিমান গভীৰতালৈ মোক
উপলব্ধি কৰিব পাৰিব?
আপুনি জানেনে?
কি বিচাৰি কি পালোঁ মই !
সুখ বিলোৱাৰ কাৰণত
আজি বদনামী,
কষ্ট আঁকোৱালি লোৱা বাবেই অবিশ্বাসী!
হিয়া উজাৰি ভালপোৱা বিনিময়ত হলো ঘৃনিত,
বন্ধু বন্ধু বুলি চিঞৰাত হৈ পৰিলোঁ অকশৰীয়া!
আজি মই মৌন হৈ থাকিলেই
আপুনি নীৰৱে কিমান গভীৰতালৈ মোক
উপলব্ধি কৰিব পাৰিব?
খেল সামগ্ৰীৰূপে খেলিলে সকলোৱে
মোৰ সতেই..!
প্ৰয়োজন পূৰ্ণতাত ডাষ্টবিনত পেলালে
আজি মই বিশ্বাসঘাতক,
চাৰিওপিনে মোৰ দুৰ্গন্ধ বিয়পায়!
সেয়ে কৈছোঁ....
আজি মই মৌন হৈ থাকিলেই
আপুনি নীৰৱে কিমান গভীৰতালৈ মোক
উপলব্ধি কৰিব পাৰিব?
(বিদ্ৰোহ:- "এই সমালোচনাৰ পৃথিৱীত বদনাম বিয়পাবই আপুনি পিছলৈ ঘূৰি নাচাই আগলৈকে মনোযোগী হওঁক")
📒আব্দুল মজিদ
২২/৫/২০২৩✍️
©AbdulMazid