তুমি মোৰ ইমান প্ৰিয়
ঘনে ঘনে মাথোঁ তোমাৰ ছবিটি
অজানিতে আহে মোৰ চকুযুৰী
নভবাকৈ নজনাকৈয়ে ভাহে তোমাৰ মুখনি।
আশা আছে জীৱনজুৰি সফল হ'ব নে নাই?
বুকুত অলেখ সপোন আছে পূৰণ হ'ব নে নাই!
আগচি ধৰিছে বুকুখন বহুতো আশা নিৰাশাই।
লাগি থকা আশা আকাঙ্খাবোৰ
গভীৰ হৃদয়েৰে উমান পাওঁ
অযুত আশা আছে মনত
নাজানো....,
কিবা হৈ যায়?
নুবোজো তুমি মোক কি ভবা,
তোমাৰ অকন সহানুভূতিক লৈয়ে
জীয়াই থাকিম চিৰদিন
এই মৰতত
তোমাৰ মৰমকে লৈ থাকিম
মাথোঁ হিয়াৰ মাজত।
জীৱনৰ অপৰাহ্ন পৰত ভাঙি ছিঙি প্ৰেমৰ নীড়
ৰুদ্ধ নকৰিবা জীৱনৰ ছন্দ তুমি,
জীয়াই থকাৰ আৰু হাবিয়াস নাই মোৰ
তথাপিও..!
কদৰ্য ক্লেশাক্ত এই পৃথিৱীত
জীয়াই থাকিবলৈ মন যায়
তুমি দিয়া অভয় কৱচ বুকুত বান্ধি
এতিয়া...
আলফুলীয়া সপোন দেখো মই।
জ্যোতিৰে জ্যোতিষ্মান হৈ আজি
অচিনাকীক চিনিবলৈ নজনাক জানিব লৈছোঁ
সঁচাকৈয়ে যেন জগতত প্ৰেম বেদনাদায়ক!
ই জীৱনক বহুতো শিকায় দিয়ে।
তুমি বাৰু.....
জোনবায়ে যিদৰে আন্ধাৰ পৃথিৱীক
পোহৰাই তোলে
ৰবিৰ কিৰণেও পৃথিৱীক আলোকিত কৰে
ঠিক সেইদৰেই.....
মোৰ জীৱনৰ এন্ধাৰ তুমি গুচুৱাই দিবানে?
আশা আছে জীৱনজুৰি সপোন অলেখ
তোমাৰ পৰশেৰেই জিলিকাই উঠাবানে মোক?
©abdulmazid
A