হয়, আত্মহত্যা আপুনি ঠিকেই শুনিছে।
মইও ভাবিছিলো নিজকে শেষ কৰি দিও বুলি।
মইও গৈছিলো, সেই ট্ৰেইন লাইনৰ কাষলৈ
কিন্তু নহ'ল, নহ'ল সাহস নিজকে শেষ কৰি দিয়াৰ।
বাৰে বাৰে মনত পৰিছিল মা-দেউতাৰ
সেই হাঁহি থকা মুখ দুখনিলৈ,
কি হ'ব তেওঁলোকৰ হাঁহি থকা মুখ দুখনিৰ
কাক লৈনো কৰিব সেই আশা,
কাক লৈনো বাচি থাকিব সেই দুৰ্ভাগ্যবশী মাক-দেউতাক?
কিন্তু নহ'ল, নহ'ল সাহস
নিজকে শেষ কৰি দিয়াৰ।
- সীমান্ত ৰায়।
©simanta
S