A

অভিনেতা

মই অভিনেতা....
হয় মই অভিনেতা হা...হা...হা....!
মই পিছে মুখা পিন্ধা অমানৱিক অভিনেতা নহয়,
এই সমাজত অলেখ চিনাকী মুখৰ আঁৰত
অজস্ৰ মুখাধাৰী অভিনেতা আছে
আমাৰ পিছে সেই মুখাধাৰী নামটো নাই
কিন্তু আমাৰো আৱেগ আছে অনুভূতি আছে
আমিও যে মানুহ..!
আমি নাটক মঞ্চস্থ কৰি গৈ
আইৰ চিতাত জুই দিছোঁ
দেউতাক কৰোৱাইছো কেতিয়াবা মুখাগ্নি
অসুস্থ সন্তান কিম্বা গৰ্ভৱতী পত্নীক
ৰাখি আহিছোঁ কেতিয়াবা
হস্পিতালৰ আই চি ইউ বেডত!
কত ৰোমাঞ্চ কত ট্ৰেজেডি উফ্...
বুকুত কষ্টবোৰ জানাজা কৰাই
বিন্দাছ হাঁহিছো তৃপ্তি দিছোঁ
আমাক ভালপাই নাটক উপভোগকাৰী
অপেক্ষাৰত ৰাইজক...!
আমি যে অভিনেতা এয়াই আমাৰ জীৱন।
আপুনিও হয়তো জ্ঞাত
পৃথিৱীৰ বুকুত জীয়াই থকা প্ৰতিজন মানুহ
নিজেই একো একোজন বিখ্যাত অভিনেতা।
পিতৃ-মাতৃ সন্তানলৈ,বেকাৰত্বই সাফল্য পাবলৈ
নিজৰ সুনাম,উচ্চস্থান এটি ঠিকনা গঢ়িবলৈ
নিজেই নিজৰ লগত কৰিব লাগে
নানা ধৰণৰ যুঁজ।
হায়..! এতিয়া যেন জগতখনেই
অভিনয় আৰু অভিনেতাৰে ভৰপূৰ।
ছেহ..! এতিয়া য'তেই যাওঁ
এটি দুৰ্গন্ধ যেন নাকত জোৰেৰে খুন্দা মাৰে,
চৌদিশে মানৱতাত জুই লাগিছে।
জীৱন জানো টক শ্ব'ত চলে?
জ্ঞানৰ কথাবোৰচোন গুণীলোকে কয়
নিজৰ লগত ৰাখে স্বাৰ্থ,
আনৰ ক্ষেত্ৰত বুদ্ধিজীৱী হৈ
নিজ ক্ষেত্ৰত অবুজ শিশু..!
আপুনিও মুখা পিন্ধক অভিনয় কৰক
এবাৰ বেদনাৰ স'তে হওঁক আপোনাৰ পৰিচয়
সেউজ ধূসৰ ৰক্তিমতা জানিব তেতিয়া
বুজি পাব পৃথিৱী কোন দিশে ঘূৰে।
বয়স পঁচিশত মৃত্যু হৈছে অনেকৰ
দাফন কৰোঁতে লাগে আশী বছৰ
আপুনি পঁচিশ ত্ৰিশত নমৰিব;
য'তেই যাওঁক লগত লৈ যাওঁক নিজৰ মগজুটো
ঘৰলৈ অহা ক্ষণত আনিব সদায় হৃদয়খন
নিজৰ ঘৰখনেই যে মন্দিৰ সমতুল্য।
আপুনি কিহৰ সন্ধান কৰে
সন্মান..!
সন্মান এতিয়া টকাত পায়,
টকাৰ নাই জাতি ধৰ্ম নাই সাম্প্ৰদায়িকতা
টকা এতিয়া প্ৰয়োজন টকাই অহংকাৰ
তথাপি, শান্তিহীন টকা কাগজৰ দৰে
টকাবিহীন শান্তি সপোনৰ দৰে লাগে।
আপুনি জানেনে...
জীৱনৰ শেষ আনন্দ হৈছে
কোনেও নিজৰ মৃত্যুসংবাদ নুশুনিব
তথাপি আপুনি জীয়াই থাকক
অভিনয় কৰক অভিনেতা হওঁক
কেৱল অনুৰোধ...
মস্তিষ্কক বাধা দিব যেন হৃদয়ক নিয়ন্ত্ৰণ নকৰে
সেয়া হ'লেই যে আপুনি হ'ব জঘন্য স্বাৰ্থপৰ
হৃদয়েৰে আপুনি মস্তিষ্কক নিয়ন্ত্ৰণ কৰিব
তাত থাকিব ভালপোৱা
য'ত ভালপোৱা আছে তাতেই মানৱতা
আৰু য'ত মানৱতাৰ বসতি
তাতেই থাকে এখন সুন্দৰ পৃথিৱী।।
🖋️আব্দুল মজিদ
নলবাৰী
©abdulmazid