🖊 অতুল চন্দ্ৰ গগৈ ।
অঘৰী জীৱন বাটত,
মোৰ গছৰ তল,পথৰ দাঁতিয়ে লগৰী ।
হাতৰ ফাটি যোৱা মোনাখনেই মোৰ বাবে সহাৰি ।
জীৱনৰ ৰঙীন সপোনবোৰ সিঁচি দিলোঁ,
ৰাজআলিৰ মাজত,
গ'জালি বিচাৰি হাবাথুৰি খাই ফুঁৰো মই
নিতৌ-পুৱা গধুলি।
গাঁও আৰু চহৰৰ সৰু সৰু বাটত।
মোৰ, নিজাকৈ কোনো ঘৰ নাই ।
সকলো মোৰ আপোন ।
মোৰ মুখত সদায়ে, অবৰ্ণনীয় কাহিনী ।
দুবেলা- দুমুঠি , পালেই মই সুখী।
য'তে ৰাতি ,ত'তে কাটি,
অনাই-বনাই থাকোঁ ঘুৰি
সেয়ে মই অঘৰী ।
©atulgogoi
A