🖊অলপমান সময়
অতুল গগৈ
নিতৌ অলপমান সময়,
দিনৰ পোহৰত আৱৰি ৰাখো,
মোৰ বুকুৰ মাজত।
কোন জানানে?
তুমি হয়.....,তুমি ।
ব্যস্ততাৰ, শেষত
বুকুৰ মাজৰ পৰা উলিয়াই দিওঁ
তোমাক.....,মোৰ সন্মুখত ।
নিয়ৰৰ ঘাঁহনীত,
কেউফালে আন্ধাৰ ।
দুয়োৰে, দুহাত সাবতি....।
মাজত এডাল ম'ম জ্বলি জ্বলি
প্ৰেমৰ বাৰ্তালাপ.....,
কিছু আনন্দ ।
©atulgogoi
A