বৃদ্ধাশ্ৰম
"সিদিনা কোৱা কথাটোৰ কি কৰিলে?
অহা কালি মাক ৰাখি আহিম কথা-বতৰা পাতি আহিছোঁ সুৱৰ্ণলতা বৃদ্ধাশ্ৰমত।
এতিয়া আৰু সহ্য কৰিব নোৱাৰা হৈছিলোঁ আপদটোক....!
ইমান দিনৰ মূৰত আজিহে অলপ পাতল যেন অনুভৱ হৈছে নিজকে।
হঠাৎ কোঠালিটোৰ কাষেৰে পাৰ হওঁতেই চন্দ্ৰিমা
হাজৰিকাই পুতেক-বোৱাৰীয়েকৰ কথোপকথন
শুনি থৰ লাগিল....!
পিছদিনা,
গাড়ীৰ পৰা চন্দ্ৰিমা আৰু পুতেক-বোৱাৰী নামিল।
সন্মুখৰ বোৰ্ডত ডাঙৰকৈ লিখা "সুবৰ্ণলতা ভৱন"।
"মোক কিবা খাবলৈ দিয়ানা মোৰ বহুত ভোক লাগিছে।
এনেতে হঠাৎ বিননি কৰা ল'ৰাটোলৈ চন্দ্ৰিমা হাজৰিকাৰ চকু আৰু দুখত পঁচিশ বছৰ আগলৈ মনত পেলাই এটি হুমুনিয়াহ।
"মোৰ মৰমৰ কণ"আজি ডাঙৰ হ'ল...!
উপলদ্ধি কৰিছে গিৰিয়েকৰ সিদ্ধান্তলৈ মনত পেলাই, নীৰৱ-নিস্তব্ধ হৈ আনৰ সন্তানক কোলাত
তুলি লালন কৰা সন্তানৰ সুখত নিজকে
জলাঞ্জলি দি বৃদ্ধাশ্ৰমলৈ বুলি শেষ বেলাত বিশিষ্ট শিল্প-পতিৰ পত্নী চন্দ্ৰিমা হাজৰিকা আজি মৌন.....।
🍂🍂🍂🌿🌿🌿🍂🍂🍂🌿🌿🌿🍂🍂
🖋️ আব্দুল মজিদ
৩০-০৪-২০২৪ 📖
©AbdulMazid
A