A

{অনুভৱৰ আঁৰত } 📝🖋অতুল চন্দ্ৰ

মোৰ শেৱালি জোপা,
তুমি বৰ আলসুৱা,
মোক কাষত পালেই,
কিয় বাৰু, থৰ-থৰকৈ
আহিনৰ প্ৰভাতি বেলাত বাগৰি যোৱা ।
তুমি দেখোঁন জানাই,
মোৰ দুই ভৰি সেমেকা, নিয়ৰৰ টোপালেৰে তিতা।
কেনেকৈ বাৰু,
তোমাৰ শুভ্ৰ মৰমৰ দলিচাৰ খন গচকো,
তিতি থকা , ভাগৰুৱা দু-ভৰি দ্বাৰা ।
হাত দুখনি-যি হে মোৰ,
পদূলিৰ বকুলৰ সুবাসে ধৰা,
তোমাক সাবটিলেই,
কিজানিবা মোৰ প্ৰেমত মচগুল হৈ
বকুল-শেৱালি মিলি
দি যোৱা, আৰু অধিক মৰম- ভালপোৱা।।
©atulgogoi