M

অনুৰাগ

শূণ্যতাৰ বৰষুণে ধোৱা
মোৰ উৰুখা পঁজাটিত,
তোমাৰ ছবি আঁকো।
নিথৰতাৰ আঁৰ কাপোৰ
গুচাই পেলাবৰ মন।
ক্ষণিকৰ মিলনৰ বাবে
এয়া কিহৰ হুৱা-দুৱা??
'তুমি' নামৰ শব্দটোত
মোৰ যেন এতিয়া
নৱতম আসক্তি।
©mousumi