A

অন্য ঠিকনা

পোৱা নোপোৱাৰ মাজত
নোপোৱাৰ সংখ্যা বেছি যদিওঁ
বহু নোপোৱাৰ আঁৰত
তোমাক নোপোৱাটোয়েই তীব্ৰ যন্ত্ৰণা।
অপ্ৰাপ্তিত,যন্ত্ৰণা দিয়ে কেতিয়াবা
অপমানৰ টুকুৰা টুকুৰ মুহূর্তবোৰ,
অপ্ৰকাশিত কিছু মনৰ কথা
তুমি ভাঙিলা বুলিয়েই
আয়না পৰা দি ভাঙিলো!
অন্যথা কাৰোৰ সাধ্য নাছিল
ভঙা-গঢ়া খেল খেলাৰ।
মোৰ বিশ্বাসে যেতিয়া প্ৰশ্ন কৰে
তোমাৰ কথা
মই লাজ পাওঁ বিশ্বাসৰ আগত
এতিয়া আনৰ বুকুয়েই যে
তোমাৰ জিৰণি কোঠা।
মোৰ আত্মাক ঠিকনা সুধিলে
আজিও তোমাৰ নামেও লয়
অবুজ আত্মাই নাজানে
প্ৰতাৰণাৰ কথা
তোমাৰ আত্মাৰ যে এতিয়া
অন্য ঠিকনা ।।
🖋️আব্দুল মজিদ
নলবাৰী
১১/১০/২০২৪
©AbdulMazid