🖊 অতুল চন্দ্ৰ গগৈ ।
পুবে প্ৰভাতত ৰঙা সূৰুযৰ বেলি।
পুৱাতে সদায়ে লাগে খেলি-মেলি।
আইৰ চিঞৰ-বাখৰ,কিছু গণ্ডগোল....
গা, ধুই লৰালৰিকৈ নাকে- কানে ,
গৰম-গৰম ভাত পেটত গুজি, যাওঁ,
অফিচলৈ বুলি ।
পিঠিত বেগ, হাতত দুপৰীয়াৰ আহাৰ।
চকুত টোপনি, বাছ খনো আহে পলম কৰি।
দহ বাজে, অফিচত বে'ল বাজে।
হাজিৰা বহীত বগলী ঠেঙীয়া আখৰৰ পাক।
কোনোমতে আহো টেবুললৈ বুলি।
কৰ্মত ব্যস্ত, মগজ হয় নষ্ট ।
আবেলি সময়ত ভোকত পাওঁ কষ্ট ।
গধুলি পাঁচ বাজে ,
মনত মুকলিৰ সাঁজ বহে ।
©atulgogoi
A