অসম্ভৱ
✍ অতুল গগৈ ।
অ-অদৃশ্য, স-সপোন বোৰৰ, ম-মোৰ ভ- ভাৱৰ
ব- বাখ্যা , হেমকোষৰ নহয় ।
(অসম্ভৱ) বুলি চিঞৰি চিঞৰি ভাগৰি পৰাৰ
প্ৰয়োজন নাই ।
সকলো কৰ্ময়ে সম্ভৱ ।
মাথোঁ লাগে, আপোনাৰ একান্ত মনৰ সঁহাৰি ।
লাগে আপোনাৰ-আৰু মোক , দৃহ বিশ্বাস ।
ইচ্ছা, কৰিলে জগত জিনিব পাৰে,
আকাশৰ ডাৱৰৰ আঁৰে আঁৰে লাস-বিলাস
কৰিব পাৰে ।
মাথোঁ, সময়ৰ ভাঁজত সিঁচি দিব লাগিব
আপোনাৰ মগজুৰ সকলো জ্ঞানৰ ভাণ্ডাৰ ।
অসম্ভৱৰ (অ) আঁতৰাই দিলেই সকলো সম্ভৱ
হৈ পৰে ।
(অ)-অলাগতিয়ালৰ , মোৰ আৰু আপোনাৰ বাবে
প্ৰয়োজন নাই, মাথোঁ লাগে সদায়ে মোক
সকলো কামৰ সম্ভৱ,
লাগিম-যুঁজিম,হাতৰ মুঠিত নোপোৱালৈ সম্ভৱ ।
(ধন্যবাদ )
©atulgogoi
A