ককাই অ' শুনিছো এইখন অসম
ৰসাতলে যাব,
শুনিছো,এই খন অসমতে
অসমীয়া মগনীয়া হ'ব!
বৰঘৰ- চৰাঘৰৰ ভিতৰতে বহি হেনো
বিদেশীয়ে সুবিধা ল'ব ।
ইমান সহজে জানো আমি বোৰ
অসমীয়া থাকোঁতে সুবিধা পাব।
পাবত গজা পুলিবোৰ
এদিনতে সকলোৱে মোহাৰি দিব।
হাতত হেংদাং ধৰি, অসমী আইৰ
সেৱা কৰি, মূৰ জোকাৰিলেই
বিদেশী পলাব লাগিব,
শুনা কথাবোৰ, বিদেশীৰ মুখতেই যাব।
হাতত হেংদাং ল'লে
পাবত গজা পুলি বোৰ
কচু কাটন খাব ।
অসমৰ অসমীয়াই দেশ বচাব।
©atulgogoi
A