A

অস্ত্ৰৰ ভাব।

✍অতুল গগৈ
শান্ত মনৰ বহল কোঠাত
অস্ত্ৰৰ ভাবানুভাৱ
ভাঁহি আহে , ভঙা ভঙা
খিৰিকীৰ ফাকেৰে
আবেলিৰ বেলিকাৰ
কিৰণৰ ছায়া পৰি।
পশ্চিমৰ আকাশত অসৎলোকৰ
অসৎভাবে জাতি মাটি ভেঁটিৰ গুনগান।
অশান্ত পৃথিৱীৰ আঁহে আঁহে
আন্ধাৰৰ সুযোগত ,
এচামৰ নিৰস্ত্ৰ লোকৰ ওপৰত
বন্দুক- বাৰুদৰ
মৃত্যু আৰু ভাবুকিৰ
অমানবীয়তাৰ দান ।
©atulgogoi