ইচ্ছা কৰিলো সপোন দেখিবলৈ হয়তো মই সফল হওঁ বা
কিন্তু নিস্তব্ধ নিশা শুভ্ৰ সপোনত দেখা
শ্যামল আশাবোৰ যে , বাস্তৱ হব পৰাই নাই!
মই বিফল হৈছো নেকি বাৰু ? নে ! সপোনবোৰ ভ্ৰান্ত । নাই নাই ভ্ৰান্ত নহয়
কাৰণ সপোনৰ পাৰে পাৰে প্ৰতিটো ক্ষণতে ,
মোৰ ভুলৰ বাবে শাস্তি দিয়া , খং কৰা আৰু শুধৰনি কৰি দিয়া মা-দেউতা আছে
মইয়ো সপোন দেখিব শিকিছো
সমাজ ,মা-দেউতাৰ বাবে, এয়া ভ্ৰান্ত নহয় , মইয়ো এদিন সফল হম আৰু হবই লাগিব । শ্ৰী চিৰঞ্জীৱ গগৈ ।
©chiranjib
C