A

//ভাৱনা // 🙆‍♀️🖊অতুল চন্দ্ৰ গগৈ

মিচিকিয়া হাঁহিবোৰ তোমাৰ দুহাতেৰে
আহিনৰ গধুলিৰ নিয়ৰত সানি দিয়া,
মোৰ, চকুলৈ চাই মিছাতে বাউলী নহ'বা!
ভাল লগাবোৰ তুমিয়ে,
তোমাৰ উমাল বুকুৰ মাজত ধৰি ৰাখা,
মোৰ বুকুখন অবুজ বেদনাৰে ভৰা।
মৰমবোৰ, অবসাদলৈ এৰি নিদিবা
পাৰিলে, মনৰ আকাশতে সিঁচি দিবা ।
জীৱনৰ ৰঙীন সপোন আৰু আছে
মাথোঁ অপেক্ষা কৰা,
বিচাৰিলে অলেখ-অযুত পাবা।
জীয়াইছো কেৱল ভাগৰুৱা আত্মা হৈ,
দুদিনৰ বাবে,
মৰমবোৰ নিশাৰ জোনৰ মাজতেই
কিয়নো , বিলাওঁ
ৰাতিৰ আকাশতটো তৰাও থাকে !!!
©atulgogoi