🖊 অতুল চন্দ্ৰ গগৈ।
দীঘল দীঘল চুলি.....
পিঠিত টোপোলা বান্ধি,
এখোজ-দুখোজকৈ,
উৱলী যোৱা কপোৰ পিন্ধি,
দুহাত মেলি আঁহো, কাষ চাপি ।
কিবা পোৱাৰ আশাত......
নাম মোৰ ভিক্ষাৰী ।
মোক দেখিলে এচামে, চিঞৰে
পগলা বুলি।
এচামে, খেদাই ।
খন্তেকতে মোৰ বুকুত বেদনাই
চুই যায় ।
পিঠিৰ জোলোঙা,
মুখৰ এমোকোৰা হাঁহি,
পেটত ভোক লৈ দুৰ্ভগীয়া জীৱনৰ
বোজাৰে থাকোঁ ঘুৰি-ফুৰি ।
মোৰ জীৱনৰ এয়েই হ'ল কৰুণ কাহিনী ।
সময়ৰ সোঁতে কৰিলে ভিক্ষাৰী....
এদিন সলনি হ'ম চাবা তুমি ।
©atulgogoi
A