A

ভুল

ভুল....!
জীৱনটোৱেই যেন অসংখ্য ভুলৰ সমাহাৰ..।
ভুলবোৰ আছে বাবেই সৃষ্টি শুধৰণিৰ
প্ৰতিটো সৃষ্টিৰ আঁৰত আছে
অজস্ৰ ভুলৰ কাহিনী,
ভুল মকৰা জালত আমি আছোঁ বেৰি।
এটা আঙুলি যেতিয়া আনলৈ উঠে
চাৰিটা আঙুলি নিজলৈ প্ৰশ্ন ৰাখে
নিজৰ পিঠিখন যে নিজেই নেদেখি !
অমনোযোগী কিম্বা দায়বদ্ধতাহীন হ'লেই
অজস্ৰ ভুলবোৰ লুকাই পৰে
ভুলবোৰ ভুল হৈ থাকি গ'লে
শুদ্ধবোৰে বাট হেৰুৱায়।
ভুলক যদি ভুল নকওঁ কিহৰ শিক্ষিত ?
শুদ্ধক যদি শুদ্ধ কোৱাৰ সাহস নাই
সমাজত তেওঁয়েই ডাঙৰ বোজা ;
মুখেৰে কোৱা বাক্য,ভাষাৰ উচ্চাৰণ
হঠাৎ হয় যদি হেনাহুঁচা...
স্বাভাৱিক যদিওঁ...
এটা ভুলে অৰ্থ সলনি কৰে
এটা ভুলেই কেতিয়াবা জীৱন কৰে নাশ!
ভুলকৈ জনা শিক্ষাই ডাঙৰ সমস্যা।
সামাজিক মাধ্যম আমাৰ বাবে
এতিয়া খুবেই পৰিচিত
প্ৰতিভা বিকাশৰ বাবে ই অতি সহজলভ্য,
বানান ভুলত নাই য'ত চকু
প্ৰচুৰ প্ৰচলন প্ৰচাৰ...
শব্দ ভাষাৰ দৌৰ,গতি প্ৰকৃতি যেন
লেকামবিহীন তেজাল ঘোঁৰা ।
ভুলৰ অন্ত ক্ষমাৰ বুকুত প্ৰশ্ৰয় নাই তাত হিংসাৰ
বিশ্বাসে ভেটি লৈ কৰে সমস্যা সমাধান।
🖋️ আব্দুল মজিদ
নলবাৰী
১৭-০২-২০২৫

©AbdulMazid