ৰাজআলিত আজিকালি তুমি মোক
দেখা পাবা পাৰা!
তোমাৰ সান্নিধ্যবোৰ মৰীচিকাৰ দৰে দেখোঁ
তুমি নুবুজিবা, আৰু বুজিবলৈও চেষ্টা নকৰিবা ।
ৰাজআলিৰ বকুল গছ জোপাই
এতিয়া মোৰ প্ৰিয় ।
মৰীচিকাৰ চিত্ৰবোৰ আধৰুৱা,মোৰ ভাল নালাগে ।
মই এতিয়া বকুলতলৰ প্ৰেমিক ।
প্ৰেমিকা মোৰ কৃষ্ণচূড়াৰ লগৰী।
ফাগুনৰ বতাহত ৰিব ৰিব কৈ ,
মোৰ প্ৰেমিকাই মন জোৰাই দিয়ে ।
তুমি নাভাবিবা .....বকুলৰ কথা.....
ৰ'দৰ চায়াত মৰীচিকা হৈ মোক লগ দিয়াৰ কথা।
মই এতিয়া বকুলতলৰ প্ৰেমিক।
প্ৰেমিকা মোৰ কৃষ্ণচূড়াৰ লগৰী ।
©atulgogoi
A