🖊Atul ch Gogoi
ভাষাৰে বুজাব নোৱাৰো ,
তোমাক কিমান ভাল পাওঁ মই ।
বুজাই, দিব নোৱাৰো,
দুটি ওঠে প্ৰকাশ কৰি।
দিব, বিচাৰো,আলফুলে
হৃদয়ত থকা মৰমবোৰ তোমাক,
মোৰ নিজৰ বুলি ।
সাবতি ধৰি ৰাখো, ওৰে জীৱন
তুমি মোৰ বুলি।
সেয়ে, হেৰাই যাব নিদিওঁ,
তোমাৰ, দুটি ওঠৰ, পৰশ
আৰু বেকা হাঁহিটি।
কিয়নো ,তুমি মোৰ,
ফাগুনৰ বলিয়া প্ৰেমিক।
আৰু বহাগৰ, নাচনী,
দুবাহুৰ, পগলা প্ৰেমৰ জীৱন লগৰী।
©atulgogoi
A