কালি আবেলি পাহাৰৰ দাঁতিত এটি
চৰাই আহি,
মোৰ কাষত গীত জুঁৰিছিল,
বুলবুলি আছিল নেকি?
আবেলিৰ ৰহণসনা
বেলিৰ ,লগত মোকে দেখি
মিতিৰালি কৰিছিল!
কিজানিবা ,বুলবুলিৰ আপোনভবা,
হেঙুলীয়া, সূৰ্যাস্তক সাবতি লওঁ।
বুলবুলিৰ গীতৰ সুৰত
প্ৰেম অহা হ'লে,
আবেলিটো, এৰি
ওৰে ৰাতি, প্ৰেমৰ বৰষুণ
মুক্ত হৃদয়ৰ বননিত বানে ধুৱাই
দিলোঁ হেতেন!
©atulgogoi
A