A

দাপোন

দাপোন
**********
দাপোন..!
মই প্ৰতিদিন দাপোন আগত থিয় হওঁ
এবাৰ দুবাৰ তিনিবাৰ কিম্বা তাতকৈ অধিক
মই যত্ন কৰিছোঁ বিভিন্ন প্ৰসাধন সামগ্ৰীৰে
নিজকেই সজ্জিত কৰি ৰাখিবলৈ
এদিন বাগৰিল আকৌ পিছদিনা
নিজকে দাপোন আগত থিয় কৰি চাও
সকলো যেন ঠিকেই আছে
তথাপি এবাৰ লক্ষ্য কৰিলোঁ
চকুৰ তলত জমিছে ক্লান্তি
ওঁঠৰ কোণত নাই আগৰ সেই হাঁহি
মলিন চেহেৰা ধূসৰ লাগিছে হায়..!
ছালবোৰ সোটোৰা হৈ
বয়স মহটিয়াই আয়ুস কমিছে,
মই আন্দাজ কৰিব পাৰিছোঁ
মই যে সলনি হ'লো।
নিজকেই কেতিয়াবা প্ৰশ্ন কৰোঁ
তই ভালেই আছনে?
তেতিয়া উত্তৰ বিহীন হৈ পৰো
দাপোনত মোৰ প্ৰতিচ্ছবি দেখো ঠিকেই
নিজৰ শৰীৰটোৰো অন্বেষণ কৰিলোঁ
কিন্তু পোৱা নাযায় দাপোনত
নিজৰ কলবৰ দূৰ্গন্ধ
বুজি পোৱা নাযায় মই হ'লো নেকি পথভ্ৰষ্ট
চিনাকি আয়নাত অচিনাকী মানুহ
মুখখন একেই আছে যদিওঁ
সলনি হৈছে মোৰ চৰিত্ৰ!
যাৰ এতিয়াও হোৱা নাই অনুশোচনা ভুলৰ
তেওঁ কৰা অনুতাপ পাপৰ ।

🖋️ আব্দুল মজিদ,নলবাৰী©abdulmazid