🖊অতুল চন্দ্ৰ গগৈ।
আন্ধাৰ নিশা, পথৰ সিমুৰত এটি অবাক চিঞৰ!
চকুৰে দুৰৰ পৰা মনিবকে নোৱাৰি,
ছোৱালী, নে বোৱাৰী? ধৰিবকে নোৱাৰি....
বতাহত,ভাঁহি আহিল কান্দোন..বুঢ়া নে ডেকা?
সুৰাৰ ৰাগীত মতলীয়া হৈ......
উৎতফুল্ল...ইফালে কান্দোন.....।
অসহায় হৈ, দৌৰিছে মাথো দৌৰিছে...।
পিছে ,পিছে অভদ্ৰ জ্ঞানী পিশাচ দানৱ ।
দেখিছো, এপদ- দুপদকৈ গাৰ কাপোৰযোৰ
খহি পৰিছে, ধৰ্ষণ....সকলো শেষ ।
এজন নহয়, দুজন নহয়, তিনিজন ।
জপিয়াই পৰিছে, অসহায় মহিলাৰ ওপৰত...।
দলবদ্ধ ধৰ্ষণ.....মৃত্যুক সাবতি ললে ক্ষন্তেকতে।
কি ভূল আছিল, ছোৱালী অন্যথা বোৱাৰীজনীৰ।
ধৰ্ষণ ই এক জঘন্য অপৰাধ..।
সংবাদ মাধ্যমৰ শিৰোনাম কিয়?
হৃদয় ভাঙি যায়.......।
©
A