A

দুখন হাত

🖊 অতুল গগৈ
মোৰ দুখন হাতত,
আৰু দুখন হাত নো কিয়?
মোৰ দুহাত, আছেই
তোমাৰ দুহাতৰ বলত
মোৰ বাউসীৰ আধা ওলমি আহিছে।
তুমি, আজুঁৰি ধৰিছা ,
মইয়ো , ধৰিছো।
তোমাৰ দুহাতৰ আঙুলিত ।
কিয়, আৰু কিয়?
মগজুৰ পোকবোৰে প্ৰশ্ন কৰিছে।
উত্তৰত
কিয় জানানে?
তুমি যে সদাই,
মোৰ দুহাতৰ পৰশতেই
আগুৱাই যোৱা।

©atulgogoi