{এভুমুকি আপোনাৰ চহৰত }
🖋অতুল গগৈ ।
মোৰ প্ৰিয়াসী ....
তোমাৰ ছবি খনি মোৰ মনৰ
উদং পথাৰত আধৰুৱা ।
তুমি তুমি বুলি মই বাৰে বাৰে মতলীয়া হওঁ,
মাজে মাজে তোমাৰ আপোন চহৰলৈ
তোমাক বিচাৰি ঢপলিয়াই যাওঁ।
প্ৰিয়াসী, তোমাৰ আউল-বাউলী
চুলি খিনিয়ে , মোৰ হৃদয় খন
মতলীয়া কৰে,
তোমাৰ, চকুৰ ক'লা কাজলে মনৰ ভিতৰত
প্ৰেমৰ জোৱাৰ তুলিব খুজে ।
প্ৰিয়াসী, মোৰ ভাল লগা আবেলিত
প্ৰেম ভৰা আজি বতৰা লৈ আনিবা,
দুহাত মেলি মই ,আদৰি ল'ম।
দীঘলীয়া দলংৰ ওপৰেৰে, তীব্ৰতাৰে
গাড়ী চলাই, ফেচলিফ্ট গাড়ীৰ ওপৰেৰে
মোৰ মনৰ অবসাদ আতৰাই দিম
তোমাৰ সানিধ্যতা পায় ।
©atulgogoi
A