🖊অতুল গগৈ ।
এজন ভিক্ষাৰী, সকলোৱে দেখি থাকে।
ফটা কাপোৰ, দৰিদ্ৰতাৰ ভৰা জীৱন ।
মুখত এমুঠি অন্নৰ বাবে গোটেই দিনটো পহৰা
দিয়ে বাছ আস্থানৰ সমীপতে। এটকাৰ-পৰা দুটকাকৈ কোনোবাই তাক হাতত গুজি যায় ।
তাৰ বাবে, সেইয়া যথেষ্ট । মুখত হাঁহিভৰা মুখখনি
তাৰ সেই এটকাটোৱেই। বাটৰ মানুহবোৰ তাৰ
জীৱনৰ উৎস । এদিনাখন, আগৰ দৰেই সি, বাছ আস্থানতৰকাষতে বহি আছিল, এটকা এটা কেনেকৈ পাওঁ ।কিন্তূ সেইদিনা, সি এটকাটো পাবলৈ হাহাকাৰ কৰিছে।
দুখতে মন মাৰি বহি থাকিল মনে মনে।
তেনেতে এখন বিলাসী বাহন তীব্ৰ বেগেৰে আহি ,
বাছ আস্থানৰ সমীপৰ গছত খুন্দা মাৰি দিলে ।
সকলো অচেতন , মুহুৰ্তৰ ভিতৰতে । গাড়ীখনত
অহা মানুহকেইজন বহুত ধনী মানুহ আছিল ।
এম্বুলেঞ্চ আহি পালে, মানুহ জমা হ'ল । গাড়ীৰ
ভিতৰতে বহু টকাৰ বেগ থাকি গ'ল। মানুহৰ চকু
পৰিল। সেই চেগতে সি পাগলৰ ভাওঁ ধৰি সকলোকে গাড়ী ওচৰৰ পৰা খেদাই পঠিয়াই দিছে। সি গাড়ী খনৰ ঘৰৰ মানুহ অহালৈ অপেক্ষা কৰি থাকিল। ঘৰৰ মানুহ আহিল চকু কপালত,সকলোৰে । সকলো টকা সি চুৰৰ পৰা বচালে। সেই মানবীয়তাৰ বাবে আধা টকা ভিক্ষাৰী টোক ঘৰৰ মানুহে দি দিলে । এতিয়া সি বহুত ধনী হ'ল । সকলোৰে মুখে মুখে ,এজন ভিক্ষাৰী ।
©atulgogoi
A