A

এখন চিঠি

🖊 এখন চিঠি
অতুল গগৈ
এখন চিঠি লিখাৰ আৰম্ভ কৰিছো...
চিঠিখন বুকুৰ ৰঙা তেজেৰে লিখিছো...
আভ্যন্তৰীণ, শিৰোনাম
মই তোমাক বহুত ভাল পাওঁ ।
ডাকত ,দিবলৈ চিঠিখন,
হাত উকা, পকেটৰ জেপ
কেইটাও ফটা।
ভাবিছোঁ, তোমাৰ হাততেই গুজি দিম
আজি, মোৰ ভঙা হৃদয়ৰ পজাৰ পৰা।
দেখিছো, কিন্তূ এতিয়া দুহাত
ভয়ত কঁপা- কঁপা ।
©atulgogoi