M

এখন তেজাল অসম

ভয়তে কম্পিত মই , দেখি সেই সপোন ,
ভয়তে কম্পিত মই , দেখি সেই তেজাল সপোন ;
যত প্ৰতিজন অসমীয়া তেজেৰে লুতুৰি-পুতুৰি ,
যত প্ৰতিজন অসমীয়াৰ হাতে-হাতে ,
তেজেৰে লিপ্ত দা-কটাৰী.
ভয়তে কম্পিত মই দেখি এনে দৃশ্য ,
তথাপিওঁ নিজকে সান্তনা যোগাইছো ;
মনতে নিজেই লৈছো ভাবি ;
এইটো এতি মাত্র বেয়া সপোন বুলি ,
যিতো কেতিয়াও বাস্তৱতালৈ নহৈ ৰুপান্তৰিত .
যদি মোৰ সপোন বাস্তৱতালৈ ৰূপান্তৰিত হয় ,
তেন্তে ;
যি ভূমিত ব্ৰক্ষ্মপুত্ৰৰ দৰে বিশাল নৈ বৈ ,
সেই ভূমিত বৈ যাব তেজেৰে ৰাঙলী নৈ .
আহা, ওলাই আহা ;
এই ভূমিৰ যুৱ-প্রজন্ম ,
আমি সকলোৱে মিলি কৰো আহা ,
নিজ ভূমিৰ ৰক্ষা .
আমি এই ভূমিৰ ভূ-পুত্র ,
কৰিব লাগিব নিজৰ ভূ-মাতৃৰ ৰক্ষা .
যুঁজিব লাগিব সকলো বেয়া শক্তিৰ লগত
যিয়ে কঢ়িয়াই আনিব খুজিছে এই ভূলৈ অমানিশা;
আহা, আমি নৱ-প্রজন্মই মিলি লও এক প্রতিশ্রুতি,
যে কেতিয়াও ছিঙিবলৈ নিদিওঁ সেই এনাজৰী ,
যিয়ে সকলো অসমবাসীক ৰাখিছে ধৰি .
নিদিওঁ হেৰাব আমি,
আমাৰ নিজৰ ভাষা, সংস্কৃতি.
আমি নৱ-প্রজন্মই ;
চাইছো এখন নতুন অসমৰ প্ৰতিচ্ছবি.
একতাই হেনো পৰম বল ;
এই কথাটা মনত লৈ ,
আমি নৱ-প্রজন্মই ,
চাইছো এক সপোন,
এখন নতুন অসম গঢ়িম বুলি.
©manas12