A

গল্পৰ শিৰোনামা: ৰাজু এতিয়া মানুহ হ'ল """""""""""""""""""""""""""""""…

গল্পৰ শিৰোনামা:
ৰাজু এতিয়া মানুহ হ'ল
"""""""""""""""""""""""""""""""""""""""""""""""""
ৰাজুয়ে অফিচৰ পৰা আহি হাত মুখ ভালদৰে ধুই লৈ হঠাৎ দেউতাৰ কোঠাত সোমাল। ৰাজুৰ দেউতাৰ মৃত্যু হোৱাৰ আজি প্ৰায় ২০ দিন পাৰ হৈছে। কোঠালীটোত সোমাই দেউতাকে বহি থকা সেই কাঠৰ চকীটোত ৰাজুয়ে হাত ৰাখি কান্দিবলৈ ধৰিলে। দেউতাৰ ব্যৱহৃত সেই পুৰণি আলমাৰিখন
চাই খুলিবলৈ লওঁতেই আলমাৰিটোত দেখিলে তেওঁৰ মৰম লগা এটি ছবি ওলোমাই ৰখা আছে।
ছবিটো দেখি ৰাজুয়ে উচুপি কান্দিছে.!এনেতে
ধূলি বালিৰে আৱৰা এখন ডায়েৰীত চকু পৰিল ৰাজুৰ। ধূলিবোৰ হাতেৰেই ভালদৰে মচি ডায়েৰীখনৰ প্ৰথমৰ পৰা তিনি পৃষ্ঠামান পঢ়ি হঠাৎ থমকি ৰ'ল আৰু ডায়েৰীখন বুকুত সাৱটি ৰাজুয়ে কান্দিবলৈ ধৰিলে। অলপ পিছত চকুলো মচি আকৌ ডায়েৰীখনৰ পৃষ্ঠা ওলোটাই পঢ়িবলৈ ল'লে।
-- মোৰ মৰমৰ সোণ...বোপাই," তই তেতিয়া এই সুন্দৰ পৃথিৱীখন চোৱাৰ মনো মেলা নাছিলি, আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়াৰ সমাজ আৰু আজিৰ সমাজখনৰ ব্যৱধান বহুখিনি। তেতিয়া মানুহবোৰৰ মন আছিল সেউজীয়া তাত নাছিল কোনো কৃত্রিমতা। তেতিয়াৰ আড্ডা আছিল সুকীয়া গঠনমূলক।
বৰ্তমান বহু উন্নতি হৈ গ'ল সকলোতেই। মানুহৰ মাজত স্বাৰ্থ,লোভ,লোলুপ দৃষ্টি আদি প্ৰচুৰ পৰিমাণে বাঢ়িল। য'ত আমিবোৰ অচল হ'লো আৰু কথাই কথাই তোমালোক এইবোৰ বুজি নোপোৱা কাৰণ এতিয়া সকলোতেই আধুনিকতা ।
-- বোপাই,"বৰ্তমান আইনি ব্যৱস্থা বহু কঠিন হ'ল কিন্তু ইয়াৰ গতি বৰ লেহেমীয়া। আজিৰ এই সমাজ যেন উদণ্ড সমাজ য'ত শিক্ষিতৰ হাৰ বেছি যদিও মানৱতা তেনেই কম।
-- ' বোপাই,' মই ধৰ্ষণৰ প্ৰতিচ্ছবি বহুত দেখিছোঁ।" শুনিছো অসহাই দেউতাৰ হিয়া ভঙা আর্তনাদ আৰু মাতৃৰ বুকু উদং হোৱা কৰুণ বিলাপ! সঘনাই ছোৱালীৰ নিৰ্যাতন কিম্বা ধৰ্ষণত মৃত্যু হোৱা শিৰোনাম। মই আতঙ্কিত হৈ পৰিছিলো,
কাৰণ সেই লিষ্টত সংলিপ্ত আছিল তোৰ পেহীৰ নাম। কিন্তু আমি একোৱেই কৰিব পৰা নাছিলো।
তই জন্ম হোৱাৰ আগত মই মোৰ দুজনী কন্যা সন্তানৰ ভ্ৰুণ হত্যা কৰিছিলো। কাৰণ এই দিনৰ সন্মুখীন যেন পুণৰ হ'বলগীয়া নহয় কেতিয়াও।
ভাবিছিলো এই সমাজখনত ছোৱালীবোৰৰ নিৰাপত্তা ক'ত? বহু অপেক্ষাৰ অন্তত তই আহিলি। আৰু তোৰ আই ৰঞ্জুলা দেৱীৰ চকু পানীৰ অন্ত পৰিছিল শেষত তোৰ মুখখন চাই। তোৰ বয়স তেতিয়া পাঁচ,যেতিয়া সকলো পোহৰ নুমাই তোৰ আয়ে আমাক এৰি গুচি গ'ল। তোৰ আইক মই বহুত ভাল পাইছিলো আৰু তোৰ মুখখনি চাই মই দ্বিতীয় বাৰৰ বাবে বিয়া নকৰালো।
বোপাই,' তই সুখী হ! পাৰোঁ যদি মোক তোৰ ঘৰৰ এচুকত থাকিবলৈ দে...আৰু দিনত কেৱল এবাৰে মাথোঁ খাবলৈ দিবি কিবা। তোক এৰি তাত থাকিবলৈ মোৰ যে বৰ কষ্ট হ'ব অ... বোপাই! এবাৰ তোৰ মুখখন চাম মোৰ নাতিনীৰ লগত খেলিম তাতকৈ নো মোক আৰু কি বেছি সুখ লাগে। পাৰোঁ যদি মোক তাৰ পৰা সোনকালেই
ওভতাই আনিবি...!
-- হেৰি,' শুনিচনে...ভাত এমুঠি খাই লওক । মাইনা হেনো তোমাৰ লগতেই খাব।
-- উম্ গৈছো ৰ'বা.....
' ৰিয়া' ৰাজুৰ ঘৈনিয়েক। যাৰ বাবে ৰাজুৰ দেউতা যাবলগীয়া হৈছিল বৃদ্ধাশ্ৰমত।
পিছদিনা ৰাতিপুৱা ৰাজুয়ে অফিচত নগ'ল। "অৰুনিমা আদৰ্শ নিবাস" বৃদ্ধাশ্ৰম গৈ ওলালে।
ভৱেশ কলিতা আছিল বৃদ্ধাশ্ৰমত ৰমেনৰ ভাল বন্ধু।
-- নমস্কাৰ খুৰা,ভাল নে সকলো।
-- কোন, বোপা ৰাজু,' তই আহিছোঁ, আহ বহ।
তোৰ দেউতা যোৱাৰ পৰাই ময়ো বৰ অসুস্থ হৈ পৰিছো...।কেনেকৈ নো ভালেই থাকো বোপাই..
তেওয়েই যে আছিল মোৰ প্ৰিয় সখা।
এনেতেই ভৱেশ কলিতাই কান্দি উঠিলে...।
-- খুৰা আপুনি এনেকৈ নাকান্দিবছো, মই আছোঁয়েই নহয় । আপোনাৰ একোৱেই নহয় এতিয়া আপুনিয়েই যে মোৰ দেউতা।
-- খুৰা,' দেউতাই মোক বহুত বেছি ভাল পাইছিল কিন্তু মই দুৰ্ভগীয়াই সেই ভালপোৱা বুজি নুঠিলো।
মই দেউতাৰ শেষ এটি মাত শুনিব নোৱাৰিলোঁ...
লৈ যাব নোৱাৰিলোঁ নিজ ঘৰত! কিয় খুৰা?
মোতকৈ অভাগা যেন পৃথিৱীত কোনো নাই...!
-- ৰাজু, তই অভিমান বুজি পাওঁ নে? মোৰ বন্ধু এগালমান অভিমান লৈ বহু যন্ত্ৰণা বুকুত লুকাই মোৰ কোলাত বিদায় মাগিছে। মোৰ বন্ধুৱে মোক কৈছিল, " ভৱেশ বন্ধু মোৰ..! মোৰ মৃত্যু দিনা মোৰ বাপুকণ নিশ্চয় আহিব,তেওঁৰ হাতেৰে মোৰ মুখাগ্নি
কৰাবি ঠিকেই কিন্তু মোৰ দেহ যেন আকৌ সেই চোতাল গৈ নাপায়। তই মোক কথা দে...!
বোপাই, ' দেউতা তোলৈ বুলি এটি ঘড়ী ৰাখি গৈছে ,ৰ'বা....। এইটো লোৱা আৰু ইয়াৰ অমৰ্য্যাদা
কেতিয়াও নকৰিবা। " সময়ৰ কাম সময়তে কৰিবা" সময় গ'লে যে শূণ্য পাবা।"
-- মই বুজিছো খুৰা, জিয়াই থকাত কেতিয়াও আৰু ভুল নহ'ব মোৰ। নিজকে শুধৰাই ল'বলৈ যতন কৰিম।
-- ৰাজু, ৰমেনে যিদিনাৰ পৰা আহিছিল প্ৰায় এমাহ মান কোনো চিন্তা কৰা নাছিল কেতিয়াও , কাৰণ তই এদিন আহিবি, সদায় তোৰ অপেক্ষা কৰিছিল।
তাৰ মুখত এটাই বাক্য আছিল , ' মোৰ ল'ৰা আহিব, মোক এৰি সি থাকিব নোৱাৰে,বৰ ভালপায় মোক । মই ইয়াত কিছু দিনৰ হে আলহী মাথোঁ। শেষত লাহে লাহে মোৰ বন্ধুৰ মুখত অস্পটতা আৰু মলিনতাই বেৰি ধৰিছিল।
কোনে এতিয়া বুজাই ক'ব দেউতাৰ লেখা সেই ডায়েৰীখন যে ৰাজুয়ে বহু দেৰিকৈ পঢ়িলে । যাৰ আশাত ৰমেন বৰুৱাই এইবোৰ কৈছিল।
-- ৰাজুয়ে হাওমাও কৈ কান্দিবলৈ ধৰিলে , দেউতা, মোৰ যে বুজিবলৈ বৰ দেৰি হৈ গ'ল। খুৰা মই যে সকলো শেষ হোৱাৰ অন্তত বুজি পালোঁ।
-- বোপাই, তই নাকান্দিবি..., ধৈৰ্য্য ধৰিবলৈ শিকা।
যি হ'বলগীয়া আছিল হৈ গ'ল। এয়াই প্ৰকৃতিৰ নিয়ম আৰু এয়াই যে বিধিৰ বিধান।"
-- দেউতা , " তোমাক যে আজিও কোৱা নহ'ল
তোমাক বৰ ভালপাও বুলি! এতিয়া যে বৰ অকলশৰীয়া হৈ পৰিলোঁ দেউতা..!
-- বোপা ৰাজু , এতিয়া এজন মানুহ হ , তেতিয়া যে তোৰ দেউতাৰ আত্মাই শান্তি পাব।-- মই আজিও এটা কথাৰ উত্তৰ বিচাৰি নাপাওঁ, ৰমেন কেতিয়াবা হাঁহি হাঁহি কেতিয়াবা কান্দি কান্দি এষাৰ কথা কৈছিল, " শুনিছানে ভৱেশ, মোৰ দুখ নাই জানা, এইখিনি মোৰ প্ৰাপ্য । পাপৰ শাস্তি যে ভুগিবই লাগিব। যদি কি পাপ কৰিছা বুলি কেতিয়াবা প্ৰশ্ন কৰিছোঁ, মোক উত্তৰত কৈছে,' ইয়াৰ উত্তৰ এদিন মোৰ বাপধনে দিব তোক।
-- খুৰা,এদিন সকলো কম, আপুনি নিজৰ যতন ল'ব, আৰু মাজে সময়ে মই নিশ্চয় আপোনাক চাই যাম । আজিলৈ আহিছোঁ।
আব্দুল্লাহ,ৰহিম আৰু খগেন এদিন কামলৈ বুলি ওলাই যাব। খগেন আছিল কামৰ ঠিকাদাৰ।
-- ৰহিম আজি ৰোজা ৰখা নাই,তই কিয় ৰোজা ৰাখিব লাগে আব্দুল্লাহ? যিয়ে নহওঁক,আজি কিন্তু ৰাতি হ'লেও কাম শেষ কৰিব লাগিব। আৰু ইফতাৰিৰ বাবে তই কিবা লৈ লোৱা..।
দুপৰীয়া সময়ত ৰাতুলৰ দোকানত তৰুণ ৰামে বহি আছে।এনেতে তৰুণৰ পাঁচ বছৰীয়া ল'ৰাটো আহি দেউতাকক কিবা খোৱা বস্তু কিনি দিবলৈ জেদ কৰি আছে।
তৰুণ ৰাম এজন দুখীয়া ব্ৰাহ্মণ।
-- যেতিয়া তেতিয়াই ইটো দিয়া সিটো দিয়া..., তোৰ মা আহিলে ভাত খাবলৈ দিব এতিয়া যা ইয়াৰ পৰা।
দূৰৰ পৰাই দৃশ্যটো দেখি আব্দুল্লাই ল'ৰাটোক মাতি নি তেওঁ ইফতাৰিৰ বাবে অনা এটা ক'ল আৰু পাউৰুটিটো তেওঁক খাবলৈ দিলে।
ৰহিম মনতেই বিৰবিৰাই আছে, নিজে খাবলৈ নাপায় আকৌ আনলৈ মৰম উপজিছে। সহায় কৰিব লাগে,দয়াবান হৈছে।
সন্ধিয়া আজান দিয়াৰ আগে আগে খগেন ভাবিবলৈ ধৰিলে , এতিয়া আব্দুল্লাই মোৰ ওচৰতেই টকা খুঁজিব। মই কিবা এটা উপায়ে গুচি যাও ইয়াৰ পৰা।
-- তহঁতে এইখিনি কাম শেষ ক'ৰ মই অলপ আহিছোঁ ৰ...
-- উস্তাদ, অলপ সোনকালেই আহিব । অলপ পিছতেই আজান দিব।
ক্ষন্তেক পিছত ৰহিমেও ওলাই গ'ল ক'ৰবাত।
ইপিনে মছজিদত আজান দিলে কিন্তু আব্দুল্লাৰ তাত এটকাও নাই। খাবলৈ যি আনিছিল সেয়াও শেষ। আব্দুল্লাই চিন্তা মনেৰে ভাবিছে, হে আল্লাহ..!
আপোনাৰ হুকুম যে মানিবই লাগিব।মই এতিয়া কি কৰোঁ..!
এনেতেই ৰাজুয়ে ইফতাৰি আনি আব্দুল্লাক খাবলৈ দি কলে," আগতে ইফতাৰ কৰি লওক..।"
ইফতাৰ শেষত তাতেই নামাজ পঢ়ি ৰাজুক সুধিলে,
আপুনি....!
-- মই ৰাজু , দুপৰীয়া সময়ত সেই ঘটনাটো মই সম্পূৰ্ণ দেখিছোঁ। আপুনি হয়তো মোক লক্ষ্য কৰা নাছিল। আৰু সেই বাবে আপোনালৈ মই সময় মতে আহিব পাৰিছো।
-- আব্দুল্লাই ৰাজুক পৰম তৃপ্তিৰে বুকুত সাৱটি ধৰিলে। আৰু ক'লে," আপোনাৰ দৰে এই ভাল মানুহবোৰ যদি দেশত থাকে তেতিয়া মানুহৰ মাজত এই মিছা অহংকাৰ, সাম্প্ৰদায়িকতাৰ ভেদাভেদ,ধৰ্মৰ ৰাজনীতিবোৰ নহ'ল হেঁতেন!
ৰাজুয়ে চকুত পানী লৈ মুখত মিঠা হাঁহিৰে মনে মনে কৈ গ'ল, " দেউতা, মই সদায়ে যেন ভাল কামবোৰ কৰিব পাৰোঁ,তুমি মোলৈ প্ৰাৰ্থনা কৰিবা।"
তোমাৰ সন্তান যে এতিয়া মানুহ হোৱাৰ দিশত।
🖋️আব্দুল মজিদ
কাপলাৱড়ী,নলবাৰী
©AbdulMazid