সুখী আছিলো মই ল'ৰালিৰ জীৱনত
লুকা-ভাকু খেলি ব্যস্ত হৈ পৰিছিলো
সময়বোৰ অতিবাহিত কৰাত
ল'ৰালি সামৰি যৌৱনক আদৰি
উতি-ভাঁহি গ'লো প্ৰেমৰ সাগৰত
সুখবোৰ হেৰুৱাই দুখক আদৰি
ব্যস্ত হৈ পৰিলো আপোনজনৰ মন জয় কৰাত
বিশ্বাসটো কৰাব নোৱাৰিলো
তেওঁক কিমান ভাল পাওঁ
হাঁহিটি মাৰি দুখবোৰ সামৰি
ৰৈ আছো মাথো
তেওঁৰ আপোন হৈ পৰাত
©plbisaikia
P