A

জীৱন। 🖋 (অতুল চন্দ্ৰ গগৈ)

জীৱন এক মোৰ বাবে ভাললগা কাহিনী ।
নহয় মাথোঁ এটি জীয়াই থকাৰ বাসনা ।
জীৱন এখনি বোৱতী নৈ,
বৈ যায় সদায়ে দুৰ-দিগন্তলৈ ।
জীৱনৰ আঁৰে আঁৰে, আৰু ভাঁজে ভাঁজে
জীৱন দৌৰি যায়, অন্য কথা ভাবিবলৈ আহৰি নাই
সুখ-দুখ, হাঁহি-কান্দোন
মোৰ জীৱনৰ লগৰী।
আই -পিতাই ৰ মৰমে মোৰ জীৱন জীপাল
কৰি ধৰি ৰাখে ।
জীৱনৰ বাটত আগুৱাই যাওঁ সদায়ে
অকলশৰে মই,
নাই মোৰ মনত কোনো ভয়ৰ আশংকা ।
জীৱনত মোৰ সকলোৱে দেখোঁন অতিকৈ আপোন,
মোৰ জীৱনে বিচাৰে, সদায়ে
সূৰুযৰ হেঙুলীয়া হাঁহি,
বিচাৰে আন্ধাৰত ধুনীয়া
জোনাকৰ পোহৰ ,বিচাৰে মোৰ জীৱনে ,
সকলোৰে মুখত এটি সুখৰ হাঁহি ।
বিচাৰে মোৰ মনে শান্তি-সমৃদ্ধ, সেউজীয়া পৃথিৱী


©atulgogoi