A

জীৱন বৰ অনুপম

জীৱন বৰ অনুপম যদি সজাই তুলিব পাৰি।
জীৱন মানেই দুখ-বিষাদ,আনন্দ স্ফূর্তি
জীৱন যেন এটি বিস্ময়কৰ পৰিভ্ৰমী পক্ষী !
কেতিয়াবা ভাল কেতিয়াবা বেয়াৰ মুখামুখি
জীৱনেই মুকলি কৰে বাট শুধৰণীৰ ।
জীৱন দিয়ে ভুলৰ অনুভূতি।
এই যে সৰু সৰু বস্তুবোৰৰ সমৃদ্ধি
সেয়াই জীৱনৰ মিঠা অনুভৱ
লুকোৱা অভিমানখিনি।
জীৱনে দিয়ে সু-শিক্ষা জীৱন কৰাই দুৰ্নীতি
জীৱনে কৰাই অনুধাৱন!
ভাল বেয়াৰ নীতি।
জীৱন চক্ৰৰ চাবিকাঠি হাতত লৈ অগ্ৰগতি
কিদৰে অতিক্ৰম কৰিব আপুনি
জীৱনৰ সৰ্পিল বাটত খোজ দি?
কেনেকৈ লেখিব জীৱন-বুৰঞ্জী!
সিদ্ধান্ত একান্ত আপোনাৰেই।।
🖋️আব্দুল মজিদ
নলবাৰী

©AbdulMazid