জন্মৰ পৰা মৃত্যু ,
এই শব্দ দুটাৰ মাজত
থকা সময় খিনি
নহয় জানো জীৱন ।।
মানুহৰ সেই প্ৰতিটো পল অনু পল
মানুহৰ সেই সুখ দুখবৰ ,
কথা বাৰ্তা , স্মৃতি বোৰ
মুখত থকা সেই মিচিকীয়া হাহিবোৰ
এইয়ে নহয় জানো জীৱন ।।
প্ৰথম চকু খুলিয়েই দুটা শব্দ
মুখত ভাঁহি আহে মা আৰু দেউতা ।
সেই শব্দ দুটাৰ পৰা , কিমান যে শব্দ শিকোঁ ,
আৰু শেষৰ চকু বন্ধ কৰোঁতে
এই শব্দ দুইটাই বিৰাজমান হৈ থাকে।।
প্ৰথম খোজ পৰাৰ লগে লগেই ,
ন ন মানুহৰ লগত চিনাকি ।
আৰু আপোন ইয়াৰে পৰা আৰম্ভ হৈ
শেষৰ খুজটো লৈকে থাকি যায় ,
এইয়ে নহয় জানো জীৱন।
বহুতে কয় জীৱন হেনো সংগ্ৰাম
মই কিন্তু দেখা নাই ......,
দেখিছোঁ কেৱল জীৱন মানে হেপাহঃ
ইচ্ছা , আৱেক , অনুভূতি ...।।
জীৱনক সংগ্ৰাম হিচাপে নহয় ,
জীৱনক এক আনন্দৰ পল
হিচাপে যাপন কৰিব লাগে ।
কিছু আহে সুখ বিলাবলৈ
কিছু আহে দুখ বিলাবলৈ ।
এই সুখ দুখৰ ক্ষণ বোৰে
নহয় জানো জীৱন।।
তোমাক শ শ বাৰ ,কোটি কোটি বাৰ
তোমাক অশেষ অশেষ ধন্যবাদ ,
মোক দিয়াৰ বাবে , এটি সুন্দৰ জীৱন।
এটা আৱেগ ,এটা ইচ্ছা , হেঁপাহ
অনুভূতি ,সুখ দুখ , স্মৃতি ,
পল অনু পল ,.........বোৰ
তুমি য়ে নহয় জানো
এবাৰ কোৱা না ....জীৱন
এবাৰ কোৱা না ।।।
~𝙍𝙪𝙥𝙖𝙢 𝘽𝙤𝙧𝙖𝙝 ~
©rupam bora
R