জীৱন বাটৰ ক্ষন্তেক মুহূৰ্তত
আমি প্ৰতিশ্ৰুতিবদ্ধ
জনম লৈয়েই গ্ৰহণ কৰিছোঁ
মৰিশালিৰ নিমন্ত্রণী পত্র
প্ৰত্যাখান কৰিবলৈ যাক
কাৰো নাই সাধ্য।
পোন্ধৰৰ পৰা পঁচিছ..!
দহটা বছৰত অধ্যয়ন কৰিলোঁ
জীৱনৰ মূল গ্ৰন্থ ,
পোৱা নোপোৱাৰ মাজত শিকিলোঁ
বুজিলো জীৱনৰ অৰ্থ।
জীৱনৰ বাটত....
ভাল লগাবোৰ নিজৰ বাবেই
নিষিদ্ধ, অমূল্য, অবৈধ
নহ'লে আন কাৰোবাৰ পছন্দ
তেনেকৈয়ে...
আজিৰ দিনটো সপক্ষে যদি
কাইলৈ আকৌ বিপক্ষত
অতিবাহিত হয় জীৱন
ভাল-বেয়াৰ সন্ধিক্ষণত।
জীৱনৰ বাটত....
মনতে পুহি ৰখা ক্ষোভ,
অভিমান কিংবা অভিযোগ এৰি
অহংকাৰ আঁতৰাই
মুখত এজোলোকা হাঁহিৰে
আগবাঢ়ি যোৱাই শ্ৰেয়!
লক্ষ্য কৰিলেই কিছু দূৰত
ধনী-গৰীৱৰ একেই পথ
নাই কোনো ভেদাভেদ
নালাগে আধাৰ,পাছপ'ৰ্ট
আমন্ত্ৰিত অতিথি অপেক্ষাত
কবৰস্থান বা স্মশান
আমাৰ জীৱন বাটৰ শেষ।।
🖋️আব্দুল মজিদ
নলবাৰী
©AbdulMazid
A