A

জীৱনৰ দীঘ বাণী

বুকুত দুহাত বান্ধি
অপেক্ষা কৰিছোঁ সময়লৈ বুলি
মোৰো এদিন আহিব সময়!
এয়াই যেন এতিয়া আমাৰ
জীৱনৰ দীঘ বাণী।
সময় তো ৰৈ নাথাকে ,
ইয়াৰ গতি নিৰৱধি
কৰিলে সময়ৰ অপেক্ষা...
বিপদে জীৱনক কৰিব গ্ৰাস
খেদি আহিব নেওচি।
অতীত সোঁৱৰাই ভুলবোৰলৈ চাই
ঘৃণাৰে নিজকে ভাৰাক্ৰান্তত বেৰি
গধূৰ বোজাখনৰ বাট
কিয় দীঘল কৰোঁ আমি!
য'ত ভুল আছে তাত শুধৰণিৰ ঠিকনা
থাকে লুকাই।
চিন্তা বৰষুণত তিতি ভাৱনা সাগৰত ডুবি
কিয় আমি সময় কৰোঁ অপচয় ?
জন্ম ল'লে মৃত্যু মদিৰা পান কৰিব লাগে
সেয়াই জীৱনৰ চিৰসত্য দীঘ বাণী।
©AbdulMazid