A

জখলা ডাল

||জখলা ডাল ||
অতুল গগৈ ।
{১}
জখলা ডাল কঁপিছিল।
মই, তাই উঠাৰ পিছতহে
গ'ম পাইছিলো ।
আহি, আহি তাই
মোৰ সোঁ, বুকুৰ মুধচ পালেহি।
{২}
চকুযুৰি খুলি ললোঁ লাহেকৈ।
জখলাডাল ধৰিব খোজোতেই
তললৈ খহি পৰিল ।
{৩}
এতিয়া বুকুৰ মাজত ধপধপনি ।
তাই, নামিবই নোৱাৰিলে ।
মোৰ খৰাং পথাৰত, তাই হেনো
এতিয়া ৰঙীন ফুলৰ বীজ সিঁচে ।
©atulgogoi