""""জুবিন দা, তই আকৌ এবাৰ ওভতি আহ" """
জুবিন দা, তই আকৌ এবাৰ ওভতি আহ..!"
তোৰ অবিহনে...
আমাৰ আই অসমীয়ে চকুলো টুকিছে
তই কিয় আজি মৌন,নিমাত-নিস্তব্ধ!
হাবিত যাব বিচাৰিলি,তাতেই গলি হেঁতেন
ওভতি নহাৰ বাটেৰে তই কিয় খোজ দিলি !
তোৰ অভিমানত আজি...
অসমে হেৰুৱাইছে ' অসমৰ হাৰ্টথ্ৰৱ '
লুইতে হেৰুৱালে ' লুইতকণ্ঠ '
সংগীতে হেৰুৱাই সুৰৰ ঝংকাৰ
বিচাৰিছে ' হামিং সম্ৰাট।"
-- ' দাদা,"জুবিন বৰঠাকুৰ"
তই এতিয়াও কিয় নিমাত !
তোৰ অভাৱ কোনে কৰিব পূৰ
তই আকৌ এবাৰ ওভতি আহ।
তোৰ প্ৰেয়সীৰ দুচকুত 'গ'ল্ডি'ৰ স্মৃতি
তোৰ অবিহনে তাইৰ অভিমানী চকুলো
কোনে মচিব...!
তইহীন তাই কিদৰে থাকিব জীয়াই..
জুবিন দা, " তই আকৌ এবাৰ ওভতি আহ!"
তোৰ স্পৰ্শত জী উঠা কী- বোৰ্ড, গিটাৰ,তবলা
মেণ্ডোলিন, দগৰ কিম্বা প্যাৰকাচন আজি জীৰ্ণ
তই কিয় তথাপি আজি মৌন,নিমাত, নিস্তব্ধ?
জুবিন দা, ' তই সেই নক্ষত্ৰ '
যাৰ ছবি দীপ্তিমান প্ৰতিটো হৃদয় আকাশত
তই বুকুৰ সেই আপোন
যাক 'আপুনি' কিম্বা 'তুমি' নকৈ
বিন্দাছ কৰিব পাৰোঁ ' তই ' সম্বন্ধ।"
দাদা, 'তোক বহুত ভাল পাওঁ'
তই আকৌ এবাৰ ওভতি আহ!
তোৰ এই মৃত্যু কিদৰে মানি লওঁ
কেৱল ফুল আৰু মালাৰে তোৰ ছবিত
কেনেকৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি জনাও তোক বিদাই !
হিয়াই নামানে আজি...
নদীৰ পৰা সাগৰলৈ যাব পৰা মানুহজন
সাগৰৰ পৰা নদীলৈ ওভতিল
ভাগৰ নথকা মানুহজনো আজি
ভাগৰুৱা হৈ নিথৰ...!
জাতিটোক বাকহীন কৰি এটা স্বভিমানী সত্তা
জাতিৰ আমঠু আজি সাগৰত বিলীন ,
সাগৰ বুকুত সন্ধি কৰি কি অভিমানেৰে তই
ফুলশয্যা গঢ়িলি নদীৰ কোলাত শুই..!
তোৰ অবিহনে কোনে ক'ব এতিয়া
আমাৰ অসমী আইক লৈ যাম দূৰ দিগন্তলৈ
তোৰ দৰে অদম্য কণ্ঠৰে বীৰদৰ্পে
কোনে কৰিব বিপ্লৱ...!
'মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই '
এই শ্লোগানেৰে সাম্প্ৰদায়িকতাৰ ভেদাভেদ আঁতৰাই
কোনে আগুৱাই নিব যুৱ প্ৰজন্মক..?
আমাৰ সাহসৰ প্ৰতীক সাহসী বজ্ৰকণ্ঠ
জীয়াই থকাৰ প্ৰেৰণা তই
আমাৰ হাঁহি-কান্দোনত সুখে দুখে তোক বিচাৰোঁ
জুবিন দা, 'তই আকৌ এবাৰ ওভতি আহ।'
জীৱনটোক ক্ষণিকৰ সপোন সজাই
আকাশ কোলাত শুই
তই কিয় ভাঁহি ফুৰিছো মেঘৰ দৰে
তোৰ আশা সপোন জলাঞ্জলি দি
জীয়াই থকাৰ হাবিয়াস এৰি
জীৱন নাটত যবনিকা টানি
কিয় হৃদয় বিদাৰক নতুন নাট ৰচিলি "নীৰৱ সমাধি।"
তই মৰিব নোৱাৰোঁ কোনোকালে
তই চিৰ অমৰ হৈ থাকিবি
অসমৰ আকাশ বতাহ তোৰ শোকত স্তব্ধমান যদিও
তই যিদৰে আছোঁ
জীয়াই থাকিবি তোৰ অনুৰাগীৰ প্ৰতিটো হৃদয়ত
পাৰ যদি তই আকৌ আহিবি
ৰচিবলৈ এটি নতুন অধ্যায়
জুবিন দা, ' তই আকৌ এবাৰ ওভতি আহিবি।"
তই আকৌ আহ ।"
🖋️ আব্দুল মজিদ
নলবাৰী