মাজনিশাৰ কোলাহল
ক'ৰ পৰা নো নামি
আহিল গমকে নাপালো ।
ৰাতিটোৰ আন্ধাৰতে
সকলো শেষ হৈ গ'ল।
কেউফালে মৰণৰ কিৰিলি,
চিঞৰ-বাখৰ কান্দোন, আৰ্তনাদ।
ক্ষন্তেকতে ৰঙৰ সলনি ।
পুলিচৰ চাইৰেন্ট, সংবাদ মাধ্যমৰ শিৰোনাম।
বিষাক্ত চুলাই মদৰ ট্ৰেজেদী।
চল্লিশৰো অধিকৰ প্ৰান গ'ল।
চানি ধৰিলে ,দপদপকৈ জ্বলি উঠা
জুইৰ ক'লা ধুৱাই ।
এতিয়া মাথো এটা উন্নৈশ ৰ কাহিনী ।
হয়টো দোষী এতিয়াও আছে মুক্ত
আকাশৰ তলত ঘুৰি-ফুৰি ।
©atulgogoi
A