🖊অতুল গগৈ ।
কালি ৰাতি এজনী
ছোৱালীয়ে,
আন্ধাৰৰ কবলত
বাট বিচাৰি ঘুমুটিয়াই ফুৰিছিল ।
বুকুৰ, জিৰণি চৰা টো দেখি
অলপ হাঁহিছিল ।
সুৰাৰ ৰাগীত মতলীয়া
জিৰণিকোঠালীটো শুই পৰিছিল ।
ক'ৰবাৰ পৰা পলকতে এজাক,
চেঁচা বতাহ বলিছিল।
শীতৰ কোবত , তাই
বুকুৰ জিৰণিকোঠাত
টুকৰ মাৰিছিল , মিনিটৰ ব্যৱধানত।
এতিয়া বুকুত, আঘাতৰ চিন্হ।
তাইক বিচাৰি হাবাথুৰি খাইছো এতিয়া মই ।
©atulgogoi
A