L

kaliyug"

*কলিযুগ*
*ললিত পেগু*
--------------------
মানুহ যি হয় হওক,
মোৱাইলটো একো হ'ব নালাগে।
মানুহ থাকি গলেও, ছাতিখন এৰি আহিব নালাগে।
আপোন মানুহেও যেতিয়া তেনেকৈ কয়,
তুমি আঁচৰিত হ'বা,
কেনেকৈ ইমান আপোন হয় ?
বেচেৰা জাপিলৈ দু:খেই লাগে।
তুমি সৰু হ'ব নাজানিলা,
তুমি আপোচ কৰিব নিশিকিলা,
তুমি কাৰোবাৰ জেপত সোমাব নোৱাৰিলা।
ছাতিক অনুসৰণ কৰা,
কেনেকৈ মানুহক সুৰক্ষা দিয়ে আৰু--
কেনেকৈ মানুহৰ ওচৰত সৰু হৈ পৰে।
মোবাইললৈ চোৱা -------
সকলোকে সেৱা দিয়াৰ পিছতো,
কেনেদৰে আপোচ কৰে গোপনীয়তা।
তুমি সুৰক্ষাহে দিব জানা, আপোচ কৰিব নাজানা।
তোমাৰ অহংকাৰেই তোমাক পতন ঘটাইছে।
শিকি লবা, তেলমৰা আৰু পালমৰা-
তেহে কলিযুগত টিকি থাকিব পাৰিবা।
তথাপিও তোমাক লাহেকৈ কও,
তেওঁলোকক মানুহে ব্যৱহাৰ কৰিব।
ইতিহাস তোমাৰেই লিখিব।
©Lalit Pegu