A

কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি ********************************"*******…

কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি
********************************"***********
কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি...
কবিয়ে শব্দ বুটলি তেওঁৰ সমগ্রতা উজাৰি উন্মুক্ত কৰে এটি কোণ,
কবিতা তাৰেই এটা টুকুৰা হে মাথোঁ!
কবিতা— কবিৰ হৃদয়ৰ পৰা নিৰ্গত হোৱা
তেজৰ টোপাল;
কিন্তু কবিৰ ধমনীত বৈ থাকে এক বিশাল জীৱন।
সৃষ্টিৰ জোখেৰে স্ৰষ্টাক জুখিবলৈ নাযাব আপুনি,
আপুনি ভবাৰ দৰেই নহবও পাৰে সেয়া কবিৰ চৰিত্ৰ।
আপুনি কবিতাৰ প্ৰেমত পৰক, কবিৰ প্ৰেমত নপৰিব কেতিয়াওঁ;
কবিয়ে কল্পনা আৰু দিঠক— দুয়োপাৰে বসতি গঢ়ে।
কবিয়ে নদীৰ দৰে বৈ যায় কেতিয়াবা,
ফুলৰ দৰে ফুলে,
আনৰ হৈ কান্দে কেতিয়াবা,
প্ৰকৃতিৰ বুকুত হয় বিলীন;
কেতিয়াবা সমাজৰ অন্যায়ৰ বিৰুদ্ধে গৰ্জে।
কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি...
কবিও মাটিৰ মানুহ!
যাৰ নিজস্ব সংসাৰ থাকে,
আছে সংগ্ৰাম-সপোন;
যাৰ নিজাকৈ ভোক আছে,
থাকে জীৱন জিয়াৰ আৰ্তনাদ।
কবিৰ ভাষাৰে----
মোৰ শব্দৰ দলিচাত যি বিষাদৰ নৈ বয়,
নাভাবিব মই সদায় সেই নদীত বুৰ গৈ থাকোঁ;
কেতিয়াবা কাৰোবাৰ আধৰুৱা প্ৰেমৰ বাবে
মই মোৰ চিয়াঁহীৰে সপোনবোৰ সজাওঁ।
কাগজত যি জুই জ্বলে,
সি মোৰ খং নহবও পাৰে;
হয়তো সেয়া কোনোবা নিষ্পেষিতৰ বুকুৰ ক্ষোভ!
মই তো কেৱল এটা মাধ্যম, এক অনুভৱী সত্তা,
মোৰ মৌনতাক জুখিবলৈ ব্যাৰ্থ আপোনাৰ সকলো জোখ।
কবিতাৰ সিপাৰেও থাকে এজন
তেজ-মঙহৰ মানু্হ,
যাৰ হাঁহিৰ আঁৰত থাকে হেজাৰটা সাধাৰণ কথা;
সেয়ে কওঁ, কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি....!
যদি পাৰে, কবিক কবিৰ জীৱনশৈলীৰে বুজিবলৈ চেষ্টা কৰিব,
কবিৰ শব্দবোৰ তো কেৱল কবি মনৰ একো একোটা খন্তেকীয়া বতৰা;
কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি।
কবিক আপুনি কেনেকৈ জুখিব শব্দৰ একোটা সৰু তুলাচালনিৰে?
কবিতাৰ শব্দবোৰ কবি বুকুত গজি উঠা অৰণ্য নহয়,
বতাহত উৰি অহা কিছুমান শুকান পাত হে মাথোঁ!
আপুনি যিটো কবিতাৰ সুৰ বুলি পঢ়ে,
সেয়া হ'ব পাৰে কেতিয়াবা
কবিৰ ভিতৰৰ নীৰৱতাৰ চিঞৰ;
যি কবিৰ ভিতৰত থকা একোটা বিশাল আৰু অবুজ পৃথিৱী।
কবিতাৰ জোখেৰে কবিক নিৰ্ণয় নকৰিব আপুনি।
🖋️ আব্দুল মজিদ,নলবাৰী
07/06/2026