জুই বুকুত লৈ
শ্মশান যেন ৰিক্ত কিয় মই ?
অতীত সোৱঁৰাই মাজে মাজে
চকু সিক্ত কিয় হয়?
এৰি অহা দিনবোৰ এতিয়া
ভুল যেন কিয় লাগে?
কথাবোৰ ভাবিলে বুকুত
হুলে যেন কিয় বিন্ধে?
কিয় পাহৰণিৰ বন্ধ কোঠা ভেদি
খেদি ফুৰে অতীতে?
কিয় থকাবোৰৰ উপেক্ষাত
আধা হোৱাৰ গতিতে?
কিয় আধাতে পূৰ মই?
কাষত থকাবোৰৰ পৰা কিয় দূৰ মই?
কিয় কোলাহল ভালপোৱা মই
শ্মশান যেন শূন্য আজি?
কিয় আকাশ যেন বিশাল হৃদয়
ধূলিৰ দৰে নগণ্য আজি?
কিয়?
জুই বুকুত লৈ
শ্মশান যেন শূন্য আজি ?
🚶
©taapan
T