||১|| 🖊অতুল গগৈ
তুমি যে কিয়নো,
আঘোণৰ কুঁৱলী হোৱা?
মোৰ সৰ্বোচ্চ দেহত তোমাৰ
মৰমবোৰ ঢ়ালি দিয়া।
{২}
প্ৰতিটো, গধুলি কিয়নো তুমি,
মোৰ বাবে, মৰমৰ জোনাকী হোৱা?
অবসাদ আতৰাই, মোৰ আন্ধাৰৰ
বুকুলৈ পোহৰ বিলাই দিয়া ।
||৩||
প্ৰতিটো নিশা, কিয়নো তুমি
মোৰ উমাল বুকুৰ সাৰথি হোৱা,
ওৰে ৰাতি টোপনি কাঢ়ি
কিয় মোক,তোমাৰ প্ৰেমত মতলীয়া কৰা।
©atulgogoi
A