তুমি, মোৰ বুকুৰ মাজত সোমাই
অচিনাকী হৈয়ো,
কিয়নো জুমি চাই গ'লা সিদিনা?
মনৰ সাগৰত প্ৰেমৰ ঢ়ৌ বাৰে-বাৰে
আহে এতিয়া!
নাজানোঁ তোমাৰ, মনৰ গোপন কথা ।
কিয় আহিছিলা?
লাহে লাহে ,নিস্তব্ধ ৰাতি আজিকালি
তোমাৰ ঠিকনা বিচাৰো ,মনে- মনে
তুমি নজনাকৈয়ে ।
তোমাৰ মুখখন, বাৰে বাৰে মনত পেলাই চাওঁ ।
কিজানিবা ,চিত্ৰলেখাৰ দৰে
তোমাৰ ছবি খনি আঁকি
মোৰ শুৱনি মনৰ কোঠালীত সজাবলৈ পাওঁ ।
যদি, আকৌ আহি এবাৰ জুমি জুমি
তুমি, আহি ,মনৰ কাষত কোৱা
মই কেনে আছো বুলি!
চাবা তুমি, চিঞৰি চিঞৰি কম
মই তোমাক ভাল পাওঁ বুলি!!!
©atulgogoi
A