A

॥ { ককা }॥ 🖊অতুল গগৈ ।

ককা কেনে আছা ?
তোমাৰ সুবাস দেখোন মোৰ তেজে তেজে
দেহৰ শিৰাত মলমলাই আছে!!
ককা ,আজি নিথৰভাৱে জঠৰ লাগি
কিয় আছা?
বয়সৰ দেউনাৰ বাবে নেকি?
মই দেখোন তোমাৰ কাষতেই থাকো।
ককা আজি আমি একেলগে সন্ধ্যা
চোতালৰ আগত ব'হি তোমাৰ সাধু শুনিম।
আৰু ককা জোনৰ ছাঁয়াত, ব'হি
জোনৰ কথা শুনিম।
তোমাৰ বাবে বাৰু মই, আজি
মোৰ চহৰৰ পৰাই ,মিঠা-মিঠা ,মিঠাইৰ
টোপালাবোৰ নিম ,
তুমি মোৰ বাবে ৰৈ থাকিবা!
অফিচৰ শেষত গৈ , একেলগে ব'হি
মিঠাই আৰু, তুমি খুন্দি থোৱা,
তামোলৰ গুৰা খাম ।
ককা অলপ ধৈৰ্য্য ধৰা মই
তোমাৰ কাষতেই আছো ।










©atulgogoi