A

কোভিড ১৯ মন যায় ডাঙর মানুহ হ'বলৈ

এক বুক হেপাহ মোৰ দুখীয়াবোৰলৈ
পলু্ৱাই দিব পারিলে সিহঁতৰ
ভোকৰ যাতনাক
এই সংকট সময়খনিত,
মন যায় ডাঙৰ মানুহ হ'বলৈ।
জন্মৰ পৰাই বিলাসী জীবন যাৰ
কিনো বুজিবো সিঁহতে গৰিবৰ হাহাকাৰ,
চৰকাৰে দিছে
পোৱাই পাইছে নোপোৱাই কান্দিছে
যিহে আহে অলপ সাহার্য্য
থকায় ধন থূপাইছে
ইয়াতো কোনোবাই ৰাজনীতি কৰিছে,
স্বার্থ এৰি কোনেও নাভাবে
কি অবস্থা সেই দুখীয়াৰ
যিয়ে দিনৰ উপার্জনে সেই দিনটোত খাইছিলে!
বাহ ৰে মানুহ বাহ!
চিন্তাৰ পৰিধি অধগামে ,স্বার্থত সবে বিলীন।
শিক্খিত সমাজখনেও বিশৃংখলিত হৈ পৰিছে
সকলো জানিও নজনাৰ ভাওঁ জুৰিছে,
কোভিড ১৯ !
ই যে এক মহামাৰী বিশাল আতঙ্ক ,
কিছুলোকে কৰা নাই ত্রাস
কৰে পুলিচৰ ডান্ডাক হে ভয় ।
মাস্ক ল'লে কিছুলোকে ইতিকিং কৰে
সি কি জানিবো কোভিড ১৯ৰ মানে,
যিজনে আপোনক হেৰুরাইছে
সেই পৰিয়ালে ক'ৰোনৰ মূল বুজে।
কিছু ভ্রষ্ট কিছু দুষ্টলোকে নাভাবে
ক'ৰোনা অস্বস্তিকৰ এক ধ্বংসৰ মূল,
ইয়াৰ স্বীকার যে আমিয়েই!
নিশ্চিন্তে বহুৱাইছো ঘৰৰ কোনতে বজাৰ
প্রয়োজন অপ্রয়োনতো
একত্রভাবে মেল হয় আমাৰ,
মছজিদ, মন্দির ভর্তি এতিয়াও
নামাজি পূজাৰীৰ ভিৰ !
কোভিড ১৯
ধেৎ এনেই এইবোৰ,,,,
ৰাজনীতি চৰকাৰৰ আন একোয়েই নহয়।
ছালা পুলিচ !
বৰকৈ জলাইছে বেয়াকৈ কোবায়,
হোম কোৰিয়েনটেশ্বনত ৰাখি
আশা আৰু ডক্টৰে বিৰক্ত কৰি মাৰিছে,
এয়া কাৰ বাবে কিয় কৰিছে ?
কৰিবলগীয়া সাৱধানতা আমি অবলম্বন কৰোনে?
পুলিচ মানে যিয়ে নিজৰ খবৰ নাৰাখে
পৰিয়াল কেনেকৈ আছে ভালদৰে নাজানে
দিন ৰাতি একাকাৰ এটাই চিন্তা যাৰ
কর্তব্যত ব্রত হৈ আমি দেশ বচাবো লাগে!
ডক্টৰ মানে...
যিয়ে নিজ জীবনৰ মায়া ত্যাগি
হস্পিতালত দিনে ৰাতি চিকিৎসা কৰে
এই ভাৱিয়েই
যদি মোৰ বাবেই কৰোবাৰ প্রাণ বাচে,
কিন্তু আমি লকডাউন মানতেই অস্হিৰ!
নলা নর্দমা ৰাস্তাৰ কাচৰা ,গেলা পচা বস্তুবোৰ
পৰিস্কাৰ গৰিবেই কৰে....
আজি সিঁহতৰ পেটতেই ভোক!
ডক্টৰ পুলিচবোৰেই বেয়া....?
কিন্তু মোৰ বাবে আজি
সিহঁতবোৰেই প্রকৃত হিৰো ।
ছালাম সিঁহতবোৰোলৈ যিয়ে
সহায়ৰ হাত আগবঢ়াইছে
কর্তব্যত ব্রতী থাকিওঁ
কোভিড ১৯ ৰ দৰে মহামাৰীৰ পৰা
আমাক রক্খা কৰিছে।
মন যায় মোৰো!
দুখিয়াক সহায় কৰিবলৈ
ডাঙৰ মানুহ হব পাৰিলে...!!
©abdulmazid